
ধুবুৰী, ০১ নৱেম্বৰ (হি.স.)। বিলাসীপাৰাৰ লাউপাৰাত আজি গুৰু গোৰক্ষ নাথৰ প্ৰতিমূৰ্তি উন্মোচন। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুভ উন্মোচন কৰে নাথ যোগী জনগোষ্ঠীৰ গুৰু মহাযোগী গোৰক্ষ নাথৰ প্ৰতিমূৰ্তি।
কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ৮ লাখ টকাৰে পুৰণি লাউপাৰাত নিৰ্মাণ কৰা গুৰু গোৰক্ষ নাথৰ প্ৰতিমূৰ্তি উন্মোচন কৰি লুটাপাৰা গাঁৱৰ এগৰাকী কাঠ মিস্ত্ৰী হাতত পৰশত পাই উঠা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কাঠৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জনায় ধুবুৰীৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক সংগ দিয়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য পৰিষদ জীবেশ ৰায়,সম জিলা আয়ুক্তা ড০ প্ৰীতি লেখা ডেকাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ