কলিয়াবৰৰ ৰাঙলুত অৱস্থিত এটা হস্ততাঁত বয়ন শিল্প কেন্দ্ৰ পৰিদৰ্শন ফ্ৰান্সৰ প্ৰতিনিধি দলৰ
নগাঁও, ০১ নৱেম্বৰ (হি.স.)। ভাৰতস্থ ফ্ৰান্স ৰাষ্ট্ৰদূতৰ নেতৃত্বত পাঁচনীয়া এটা ফ্ৰান্সৰ প্ৰতিনিধি দলে শনিবাৰে পৰিদৰ্শন কৰিলে কলিয়াবৰৰ ৰাঙলুত অৱস্থিত এটা হস্ততাঁত বয়ন শিল্প কেন্দ্ৰ। উল্লেখ্য যে, ২০১৫ চনৰ আগষ্ট মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৰিয়তে ফ্ৰ
কলিয়াবৰৰ ৰাঙলুত অৱস্থিত এটা হস্ততাঁত বয়ন শিল্প কেন্দ্ৰ পৰিদৰ্শন ফ্ৰান্সৰ প্ৰতিনিধি দলৰ


নগাঁও, ০১ নৱেম্বৰ (হি.স.)। ভাৰতস্থ ফ্ৰান্স ৰাষ্ট্ৰদূতৰ নেতৃত্বত পাঁচনীয়া এটা ফ্ৰান্সৰ প্ৰতিনিধি দলে শনিবাৰে পৰিদৰ্শন কৰিলে কলিয়াবৰৰ ৰাঙলুত অৱস্থিত এটা হস্ততাঁত বয়ন শিল্প কেন্দ্ৰ। উল্লেখ্য যে, ২০১৫ চনৰ আগষ্ট মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৰিয়তে ফ্ৰান্স চৰকাৰৰ পুঁজিৰে কলিয়াবৰৰ ৰাঙলুত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ দ্বাৰা স্থাপন কৰা হৈছিল এই বয়ন শিল্পৰ কেন্দ্ৰটো।

শনিবাৰে ফ্ৰান্স চৰকাৰৰ প্ৰতিনিধি দলটোৱে কেন্দ্ৰটোত উপস্থিত হৈ বয়ন কেন্দ্ৰটোত উৎপাদিত বিভিন্ন সামগ্ৰী পৰ্যবেক্ষণ কৰাৰ লগতে শিপিনীসকলৰ লগতো মত বিনিময় কৰে। উল্লেখ্য যে, কেন্দ্ৰটোত নিয়োজিত স্থানীয় ২৫ গৰাকী শিপিনীয়ে দৈনিক পুৱা দহ বজাৰ পৰা বিয়লি চাৰি বজালৈ বয়ন কেন্দ্ৰটোত পাঁচখন তাঁতশালৰ জৰিয়তে গামোছা, ৰুমাল আদি উৎপাদন কৰি আহিছে। শনিবাৰে শিপিনীসকলৰ এই কাৰু-কাৰ্য পৰ্যবেক্ষণ কৰে ফ্ৰান্স চৰকাৰৰ প্ৰতিনিধি দলটোৱে। ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থেয়েৰী মেথিউ ৰ নেতৃত্বত অহা পাঁচনীয়া প্ৰতিনিধি দলটোত আছিল মিচেছ চেচিলি মেথিউ, থিয়েৰি মৰেল, চেমুৱেল মউচাৰ্ড আৰু লিছা ব্ৰেউলী। দলটোৱে কেন্দ্ৰটোৰ উৎপাদিত সামগ্ৰীসমূহ লিৰিকি-বিদাৰি চোৱাৰ লগতে থলুৱা পিঠা-পনা আদিৰো জুঁতি লয়। দলটোৱে বয়ন শিল্পৰ কেন্দ্ৰটো পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভবিষ্যতে অধিক পুঁজিৰ আবণ্টনৰ চিন্তা কৰিব বুলিও সদৰি কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande