ৰঙাপৰাত জল নিস্কাষণ প্ৰকল্প আৰু উদ্যানৰ শুভ উদ্বোধন
শোণিতপুৰ, ০১ নৱেম্বৰ (হি.স.)। ৰঙাপৰাত ১৫ এফ চি টাইড গ্ৰাণ্টৰ অধীনত দৈনিক ১০ হাজাৰ লিটাৰ উৎপাদন ক্ষমতাৰ জল নিস্কাষণ প্ৰকল্প আৰু উদ্যান শুভ উদ্বোধন। শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। ৰঙাপৰা বিধানসভা সমষ্টিৰ মাননীয় বিধ
ৰঙাপৰাত জল নিস্কাষণ প্ৰকল্প আৰু উদ্যানৰ শুভ উদ্বোধন


শোণিতপুৰ, ০১ নৱেম্বৰ (হি.স.)। ৰঙাপৰাত ১৫ এফ চি টাইড গ্ৰাণ্টৰ অধীনত দৈনিক ১০ হাজাৰ লিটাৰ উৎপাদন ক্ষমতাৰ জল নিস্কাষণ প্ৰকল্প আৰু উদ্যান শুভ উদ্বোধন।

শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। ৰঙাপৰা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ১৫ এফ চি টাইড গ্ৰাণ্টৰ অধীনত ৰঙাপৰাত দৈনিক ১০ হাজাৰ লিটাৰ উৎপাদন ক্ষমতা সম্পন্ন জল নিস্কাষণ প্ৰকল্প আৰু এটা মানৱ মল নিষ্কাশন প্ৰকল্প আৰু অনাময় উদ্যান শুভ উদ্বোধন কৰে।

​এই শুভ উদ্বোধন অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস (এ.চি.এছ.), ৰঙাপৰা পৌৰসভাৰ সভাপতি হৰিসাধন দাসকে ধৰি ৰঙাপৰা অঞ্চলৰ বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

​এই প্ৰকল্পটোৱে ৰঙাপৰা অঞ্চলৰ জনসাধাৰণৰ পানী যোগান আৰু অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande