
গুৱাহাটী, ০১ নৱেম্বৰ (হি.স)। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ দীঘলীপুখুৰীৰ অসম ৰাজ্যিক যুদ্ধ স্মৃতিসৌধত শনিবাৰে অনুষ্ঠিত অমৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাষ্ট্ৰৰ বীৰ পুত্ৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অসমৰ সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানৰ সময়ত বীৰ মাতৃ আৰু বীৰ নাৰীসকলে শ্বহীদ পুত্ৰ আৰু স্বামীৰ স্মৃতিত পুষ্প শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰাজ্যপাল আচাৰ্যই উল্লেখ কৰে যে অসমৰ শ্বহীদ পুত্ৰ নায়ব সুবেদাৰ বৈকুণ্ঠ বৰ্মন, কেপ্তেইন গৌতম শৰ্মা, আৰু হিলৈদাৰী উদ্ধৱ দাসৰ বলিদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁ লগতে কয় যে এই কাৰ্যসূচী কেৱল শ্ৰদ্ধাঞ্জলি নহয় বৰঞ্চ শ্বহীদসকলৰ আদৰ্শক আগুৱাই নিয়াৰ এক সামূহিক সংকল্প।
এই উপলক্ষে লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতা, এয়াৰ মাৰ্শ্বাল (অৱসৰপ্ৰাপ্ত) অঞ্জন কুমাৰ গগৈ, লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) পি কে ভৰালী, মেজৰ জেনেৰেল এ কে শৰ্মা - ৫১ উপ এলেকাৰ জি অ চি, সৈনিক কল্যাণ সঞ্চালক পলাশ চৌধুৰী, জ্যেষ্ঠ সামৰিক বিষয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী