
নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য পুনৰবাৰ উৰ্ধমুখী ধাৰা দেখা গৈছে। অৱশ্যে ৰূপৰ দাম অপৰিৱৰ্তিত হৈ আছে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৬৭০ টকা বৃদ্ধি পাই ১,৮২০ ₹ । সোণৰ এই মূল্যবৃদ্ধিৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,২৩,৪৪০ ₹ৰ পৰা ১,২৩,৪৪০ ₹ৰ ভিতৰত চলি আছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,১৩,০১০ টকাৰ পৰা ১,১৩,১৬০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ অপৰিৱৰ্তিত মূল্যৰ বাবে এই চিকচিকিয়া ধাতু এতিয়াও দিল্লীৰ বুলিয়ন বজাৰত প্ৰতি কিলোগ্ৰাম ১,৫০,৯০০ ₹ ত বিক্ৰী হৈ আছে।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,৪৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৩,১৬০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৩,২৯০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৩,০১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,৩৪০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,১৩,০৬০ টকা ।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৩,২৯০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,১৩,০১০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,২৯০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণৰ মূল্য ১,১৩,০১০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৩,৪৪০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ১,১৩,১৬০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,৩৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৩,০৬০ টকা । জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৩,৪৪০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৩,১৬০ টকাত বিক্ৰী কৰা হৈছে।
সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰেই আজি কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,২৯০ ₹ । একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৩,০১০ ₹ত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ