
ধুবুৰী, ০১ নৱেম্বৰ (হি.স.)। চৰ হাতীপোতা গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত সচিৱৰ অনুপস্থিতিৰ অভিযোগ। যি সময়ত এইগৰাকী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গাঁও পঞ্চায়ত সমৃহত দৃৰ্নীতি , বিয়াগোম কেলেংকাৰী আৰু লুণ্ঠন বন্ধ কৰাৰ বাবে ন—ন কৌশল চলাই আহিছে সেই সময়ত নামনি অসমৰ একাংশ গাঁও পঞ্চায়তৰ সচিৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বুঢ়া আঙুলি দেখুৱাই মাহৰ পৰ মাহত দৰমহা লৈ পঞ্চায়ত কাৰ্য্যলয়ত অনুপস্থিত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷
ধুবুৰী জিলাৰ বিলাসীপাৰা সম জিলাৰ নায়েৰ আলগা উন্নায়ন খণ্ড কাৰ্য্যলয়ৰ চৰ হাতেপোতা গাঁও পঞ্চায়তৰ সচিৱ সাজাহান আলীয়ে এনেদৰে হিটলাৰী শাসন চলাইছে বুলি অভিযোগ উঠিছে। ইফালে কাৰ ছত্ৰছায়াত তেওঁ এনেদৰে অনুপস্থিত হৈয়ে দৰমহা লৈ আছে ইয়াকলৈ ৰাইজৰ মাজত চলিছে জল্পনা—কল্পনা ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ