
হোজাই, ০১ নৱেম্বৰ (হি.স.)। লংকাত আজি এক বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। গাঞ্জা সহ এজনক ধৰি আৰক্ষীক গতালে ৰাইজে।
জানিব পৰা অনুসৰি লংকাৰ ১ নং চামবাৰীৰ পৰিমল দেৱনাথ নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰা হৈছে ৮ কেজি ৬ শ গ্ৰাম গাঞ্জা। ইফালে গাঞ্জা সহ ত্ৰিপুৰাৰ সঞ্জয় দেৱবৰ্মা নামৰ এজন লোককো ধৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। ইফালে মুল অভিযুক্ত ঘৰটোৰ গৰাকী পৰিমল দেৱনাথে সেই ঠাইৰ পৰা পলাবলৈ সক্ষম হয়। আৰক্ষীয়ে গাঞ্জাসহ লোকজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা চলায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ