পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ আৰক্ষী থানাত শুকুৰবাৰে নিশা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়
পশ্চিম কাৰ্বি আংলং, ০১ নৱেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ আৰক্ষী থানাত শুকুৰবাৰে নিশা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৈঠালাংছʼ আৰক্ষী থানা আৰু ডংকামোকাম উপ আৰক্ষী চকীৰ পাঁচ গৰাকী আৰক্ষী বিষয়া অসমৰ বিভিন্ন জিলালৈ বদলি হ
পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ আৰক্ষী থানাত শুকুৰবাৰে নিশা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়


পশ্চিম কাৰ্বি আংলং, ০১ নৱেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ আৰক্ষী থানাত শুকুৰবাৰে নিশা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৈঠালাংছʼ আৰক্ষী থানা আৰু ডংকামোকাম উপ আৰক্ষী চকীৰ পাঁচ গৰাকী আৰক্ষী বিষয়া অসমৰ বিভিন্ন জিলালৈ বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত বৈঠালাংছʼ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি ইংতিয়ে এই ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে।

উল্লেখযোগ্য যে চাৰিগৰাকী আৰক্ষী বিষয়া ক্ৰমে কৃপাঞ্জলি সোনোৱাল,মানৱ বৰা, আশীষ গগৈ,ভূপেন শইকীয়াৰ উপৰি কনষ্টবল মোহব্বত আলিক বিদায়ী সম্ভাষণ জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সভাপতিত্ব কৰে বৈঠালাংছʼ আৰক্ষী চক্ৰ বিষয়া সঞ্জয় আনন্দ মুচাহাৰীয়ে। উল্লেখযোগ্য যে এই অনুষ্ঠানত বিদায়ী আৰক্ষী বিষয়াসকলক আৰক্ষী বিষয়া, সহকৰ্মী আৰক্ষী আৰু বৈঠালাংছʼ প্ৰেছ ক্লাবে গামোচা, ফোটো, শৰাই ৰ উপৰি বিভিন্ন উপহাৰেৰে বিদায়ী সম্ভাষণ জনাই। এই অনুষ্ঠানত সতীৰ্থ সকলক বিদায়ী সম্ভাষণ জনাই আৱেগিক হৈ পৰে বৈঠালাংছʼ আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande