
ওদালগুৰি, ০১ নৱেম্বৰ (হি.স.)। ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল সমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে গ্ৰামাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলাই আহিছে৷ গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকে ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ জিলাখনৰ ভূটান সীমান্তবৰ্তী অঞ্চলৰ সমুখত ৰাইজে এতিয়া সহবাস কৰিবলগীয়া হৈছে বন্যহস্তীৰ সৈতে ৷
হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী গঞাই৷ হাতী মানুহৰ সংঘাতত প্ৰতিবছৰে জিলাখনত ১৫/২০ গৰাকীকৈ নিৰীহ লোকে প্ৰাণ দিবলগীয়া হোৱাৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ জীঘাংসাৰো বলি হ’ৱলগীয়া হৈছে বন্যহস্তী৷ সম্প্ৰতি জিলাখনত বন্যহস্তীৰ মৃত্যুৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক৷ বিগত এক সপ্তাহৰ ভিতৰতে জিলাখনত দুটাকৈ বন্যহস্তীৰ অজ্ঞাত কাৰণ মৃত্যু ঘটিছে৷ আজি ওদালগুৰিৰ ভূটীয়াচাঙত উদ্ধাৰ হ’য় এটা দঁতাল হাতীৰ মৃতদেহ৷ স্থানীয় ৰাইজে হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খৱৰ দিয়ে৷ ৰাইজৰ খৱৰৰ ভিত্তিত চিকিৎসক সহ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই৷ অঞ্চলটোত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে। জিলাখনৰ হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বনবিভাগক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ভূক্তভোগী ৰাইজে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ