
ইছলামাবাদ, ০১ নৱেম্বৰ (হি.স.)। পাকিস্তানে কয় যে আফগানিস্তানৰ সৈতে শত্ৰুতা বৃদ্ধি কৰিব নিবিচাৰে, বৰঞ্চ আফগানিস্তানৰ মাটিৰ পৰা কাম কৰা বিদ্ৰোহীৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰি তালিবান শাসকসকলে নিজৰ নিৰাপত্তাজনিত উদ্বেগক সমাধান কৰিব বুলি আশা কৰিছে।
শুকুৰবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ তাহিৰ আন্দ্ৰাবীয়ে এই মন্তব্য কৰে।
তুৰস্ক আৰু কাটাৰৰ মধ্যস্থতাত প্ৰায় এসপ্তাহৰ আলোচনাৰ অন্তত পাকিস্তান আৰু আফগানিস্তানে যুদ্ধবিৰতি বজাই ৰাখিবলৈ সন্মতি দিয়াৰ এদিন পিছতে এই মন্তব্য প্ৰকাশ কৰিছে, যাতে অঞ্চলটোত ব্যাপক সংঘাত ৰোধ কৰাৰ প্ৰয়াস কৰা হয়। আন্দ্ৰাবীৰ এই মন্তব্যক চুবুৰীয়া দেশ দুখনৰ মাজত উত্তেজনা লাঘৱ কৰাৰ লক্ষণ হিচাপে দেখা গৈছে। উল্লেখযোগ্য যে অক্টোবৰৰ আৰম্ভণিৰ পৰা দুয়োপক্ষৰ মাজত সীমান্তত হোৱা গুলীচালনাত কেইবা ডজন জোৱান, সাধাৰণ নাগৰিক, বিদ্ৰোহী নিহত হৈছে।
ইফালে কাটাৰে দুয়োপক্ষৰ প্ৰতিনিধি দলক দোহালৈ আমন্ত্ৰণ জনাইছিল, য’ত তেওঁলোকে ১৯ অক্টোবৰত যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে তুৰ্কিয়ে ইস্তানবুলত ছয়দিনীয়া আলোচনা অনুষ্ঠিত কৰে আৰু বৃহস্পতিবাৰে নিশালৈকে চলি থাকে। দুয়োপক্ষই যুদ্ধবিৰতি অক্ষুণ্ণ ৰাখিবলৈ সন্মত হয়। এই আলোচনাৰ পিছত ৬ নৱেম্বৰত ইস্তানবুলত পুনৰ বৈঠকত মিলিত হৈ যুদ্ধবিৰতি ৰূপায়ণৰ পৰিকল্পনা চূড়ান্ত কৰিব।
আন্দ্ৰাবীয়ে দ্বিপাক্ষিক আলোচনা সফল কৰি তোলাত কাটাৰ আৰু তুৰ্কিয়েৰ ভূমিকাক প্ৰশংসা কৰে। যুদ্ধবিৰতিৰ পিছতো দুয়োখন দেশে মূল সীমান্ত ক্ৰছিং বন্ধ কৰি ৰাখিছে, যাৰ ফলত দুয়োপক্ষৰ পৰা শ শ কাৰ্গো ট্ৰাক আৰু হাজাৰ হাজাৰ শৰণাৰ্থী আবদ্ধ হৈ পৰিছে। আন্দ্ৰাবিৰ মতে, আফগানিস্তানৰ সৈতে থকা সকলো সীমান্ত ক্ৰছিং বৰ্তমান নিৰাপত্তাজনিত কাৰণত বাণিজ্যৰ বাবে বন্ধ হৈ আছে যদিও শৰণাৰ্থীসকলক অন্ততঃ দক্ষিণ-পশ্চিম চামান সীমান্ত ক্ৰছিঙৰ জৰিয়তে আফগানিস্তানলৈ উভতি যাবলৈ সহায় কৰা হৈছে।
ইফালে, আফগানিস্তানৰ কাবুলত স্বৰাজ মন্ত্ৰালয়ৰ সীমান্ত আৰক্ষীৰ মুখপাত্ৰ আব্দুল্লা উকাব ফাৰুকিয়ে কয় যে উত্তৰ-পশ্চিম টৰখাম সীমান্ত ক্ৰছিং শনিবাৰে শৰণাৰ্থীৰ বাবে মুকলি কৰা হ’ব। অৱশ্যে এই সন্দৰ্ভত পাকিস্তানে কোনো ঘোষণা কৰা নাই।
বৰ্তমানৰ পৰিস্থিতিত এদিন পূৰ্বে পাকিস্তানত থকা আফগানিস্তানৰ ৰাষ্ট্ৰদূত আহমেদ ছাকিবে এক্সৰ ওপৰত এটা লেখা শ্বেয়াৰ কৰিছিল, য’ত অভিযোগ কৰিছিল যে পাকিস্তানে সীমান্ত ক্ৰছিং বন্ধ কৰাৰ বাবে তাত বৃহৎ সংখ্যক আফগান শৰণাৰ্থী আবদ্ধ হৈ আছে।
আন্দ্ৰাবীয়ে ইয়াৰ বিৰুদ্ধে আপত্তি কৰি কয় যে আফগান ৰাষ্ট্ৰদূতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ জৰিয়তে জড়িত হোৱাৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াত নিজৰ অভিযোগ ব্যক্ত কৰি কূটনৈতিক নীতি-নিয়ম উলংঘা কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ