
হোজাই,০১ নৱেম্বৰ (হি.স.) । আকৌ লামডিং– হাফলং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চালকৰ হাহাকাৰ অৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথত দুই দিন ধৰি আবদ্ধ বহু বানিজ্যিক বাহন– অভিযোগ চালকৰ। ৰাষ্ট্ৰীয় ঘাইপথটোৰ জাতিঙ্গা আৰু হাৰাংগাজাওৰ মাজত পথ মেৰামতি তথা জৰাজীৰ্ণ হৈ থকাৰ ফলত গাড়ী চলাচলৰ বিঘ্য়াত জন্মিছে।
যানযটৰ ফলত এম্বুলেন্স,অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীকে ধৰি বিভিন্ন জৰুৰীকালীন সেৱাৰ গাড়ীসমুহ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ পৰিছে।আনহাতে এইদৰে পথত যানযটৰ হৈ পৰাৰ বাবে যি কোন সময়ত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হব পাৰে। এই লামডিং শিলচৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বানিজ্যিক গাড়ী সমূহ ৰখাই থোৱাৰ ৱাবে চালক সকলে বহু সমস্যাত পৰা দেখা গৈ্ছে।
শীঘ্ৰেই এই ৰাষ্ট্ৰীয় ঘাইপথটো অতি সোন কালে মেৰামতি কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই চালক সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা