
ধেমাজি, ০১ নৱেম্বৰ (হি.স.)। জনজাতিকৰণৰ দাবীত ধেমাজিৰ কাছাৰী ময়দানত চুতীয়া সন্মীলনীৰ বিশাল প্ৰতিবাদী গণ সমাৱেশ ৷ উত্তৰ অসম আৰু উজনি অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চুতীযা সকলক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে সঠিক সিদ্ধান্ত নললে ২০২৬ ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে স্থিতি লোৱাৰ হুংকাৰ চুতীয়া সন্মিলনীৰ প্ৰতিবাদী নেতাৰ ৷
নো এছ টি নো ৰেষ্ট, এছ টি আমাৰ প্ৰাপ্য অধিকাৰ, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আমাক লৈ ৰাজনীতি নকৰিব, মৰিলেও মৰি যাম জনজাতি লৈহে যাম আদি বেনাৰ ফেষ্টুন লৈ ধেমাজিৰ কাছাৰী ময়দানত সাত সহস্ৰাধিক প্ৰতিবাদী চুতীয়া সন্মিলনীৰ পুৰুষ - মহিলাৰ উত্তাল প্ৰতিবাদ ৷
ছয় জনগোষ্ঠীক জনজাতিকৰণ ২০২৬ ত আগত নিদিলে বিজেপি চৰকাৰক বিদায় দিয়াৰ সকিয়নীৰে সমাৱেশৰ পিছত কাছাৰী ময়দানৰ পৰা ধেমাজি নগৰৰ মাজেৰে বিশাল সমদল বাহিৰ কৰে চুতীয়া সন্মীলনীৰ প্ৰতিবাদীসকলে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা