নগাঁৱত চুতিয়া জাতি সন্মিলনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
নগাঁও, ০১ নৱেম্বৰ (হি.স.)। নগাঁৱত চুতিয়া জাতি সন্মিলনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। আজি শনিবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত নগাঁও জিলা চুতিয়া জাতি সন্মিলনে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। চুতীয়া সকলৰ জনজাতিকৰণৰ দীঘলীয়া সংগ্ৰামক ন
নগাঁৱত চুতিয়া জাতি সন্মিলনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী


নগাঁও, ০১ নৱেম্বৰ (হি.স.)। নগাঁৱত চুতিয়া জাতি সন্মিলনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

আজি শনিবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত নগাঁও জিলা চুতিয়া জাতি সন্মিলনে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। চুতীয়া সকলৰ জনজাতিকৰণৰ দীঘলীয়া সংগ্ৰামক নায্যতা প্ৰদান কৰি চুতীয়াক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ দাবীৰে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। চুতীয়া জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা কবচস্বৰূপ জনজাতি স্বীকৃতি প্ৰদান নকৰিলে আগন্তুক দিনত আন্দোলন অধিক তীব্ৰতৰ কৰাৰো হুংকাৰ প্ৰদান কৰে ধৰ্মঘটকাৰী সকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande