
যোৰহাট, ০১ নৱেম্বৰ (হি.স.)। চুতীয়া জনগোষ্ঠীক জনজাতি কৰনৰ দাবীত যোৰহাট কপাঁলে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে।
চুতীয়া জনগোষ্ঠীৰ কেইবাটাও ভাতৃ সংগঠনৰ আহ্বানত আজি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। জনজতিকৰণ নাপালে ২৬ চনৰ বিধান সভা নিৰ্বাচনত ভোট বৰ্জনৰৰো হুংকাৰ দিয়ে দিয়ে প্ৰতিবাদকাৰীসকলে। ইতিমধ্যে চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবী বহু পূৰণি। জনগোষ্ঠীটোৱে বহুবাৰ জনজাতিকৰণৰ দাবী তুলি আহিছে যদিও চৰকাৰ তথা শাসকীয় পক্ষই কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰি আহিছে যদিও জনগোষ্ঠীটোৰ এই আশা আকাংশা পূৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।
সেয়েহে চৰকাৰখনে তেওঁলোকৰ এই নায্য দাবীক নায্যতা প্ৰদান কৰিব লাগে আৰু অতি শীঘ্ৰে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে সজোৰে আজি দাবী উত্থাপন কৰা দেখা যায়। প্ৰতিকূল পৰিৱেশক নেওচিও আজি বিভিন্ন প্ৰতিবাদী স্লোগান দি প্ৰতিবাদস্থলী কপাই তোলে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু