নাইজেৰিয়াত খ্ৰীষ্টান ধৰ্ম বিপদত - ট্ৰাম্পৰ দাবী, বিশেষ নিৰীক্ষণৰ নিৰ্দেশ
ৱাশ্বিংটন, ০১ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে দাবী কৰে যে নাইজেৰিয়াৰ খ্ৰীষ্টান সম্প্ৰদায়টোৱে অস্তিত্ব সংকটৰ সন্মুখীন হৈছে। তেওঁ ইছলামিক মৌলবাদী সংগঠনসমূহক খ্ৰীষ্টানসকলৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন কৰি নাইজেৰি
ट्रुथ सोशल पर ट्रंप की पोस्ट


ৱাশ্বিংটন, ০১ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে দাবী কৰে যে নাইজেৰিয়াৰ খ্ৰীষ্টান সম্প্ৰদায়টোৱে অস্তিত্ব সংকটৰ সন্মুখীন হৈছে। তেওঁ ইছলামিক মৌলবাদী সংগঠনসমূহক খ্ৰীষ্টানসকলৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন কৰি নাইজেৰিয়াৰ ওপৰত বিশেষ নিৰীক্ষণৰ আহ্বান জনায়। ট্ৰাম্পে উল্লেখ কৰে যে যেতিয়া খ্ৰীষ্টান সম্প্ৰদায়ে এনে সংকটৰ সন্মুখীন হৈছে তেতিয়া আমেৰিকাই মৌন হৈ থাকিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে আমি বিশ্বজুৰি খ্ৰীষ্টান জনসাধাৰণক সুৰক্ষা দিবলৈ সাজু, ইচ্ছুক আৰু সক্ষম।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে নাইজেৰিয়াত খ্ৰীষ্টান ধৰ্ম অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হৈছে। তেওঁ দাবী কৰিছিল যে হাজাৰ হাজাৰ খ্ৰীষ্টানক হত্যা কৰা হৈছে। ইয়াৰ বাবে তেওঁ উগ্ৰ ইছলামিক সংগঠনক দোষাৰোপ কৰি নাইজেৰিয়াৰ ওপৰত বিশেষ নিৰীক্ষণৰ নিৰ্দেশ দিয়ে। কংগ্ৰেছী ৰাইলী মূৰ আৰু অধ্যক্ষ টম ক’লৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিষয়টোৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ চেনেট কমিটীক অনুৰোধ জনায়।

ধৰ্মীয় স্বাধীনতাৰ গুৰুতৰ উলংঘাৰ সৈতে জড়িত বুলি বিশ্বাস কৰা দেশসমূহক আমেৰিকাই বিশেষ চোৱাচিতাৰ অধীনত ৰাখে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande