
নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। জাৰ্মানীত অনুষ্ঠিত হৈ থকা ছুপাৰ ৩০০ বেডমিণ্টন প্ৰতিযোগিতা হাইলো অ’পেন ২০২৫ত ভাৰতীয় যুৱ শ্বাটলাৰ উন্নতি হুডাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত লক্ষ্য সেন আৰু আয়ুষ শ্বেট্টীয়ে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছিল।
১৮ বছৰীয়া উন্নতিয়ে চাইনিজ টাইপেইৰ চতুৰ্থ ছিড লিন ছিয়াং টিক ২২-২০, ২১-১৩ ব্যৱধানত পোনপটীয়াকৈ পৰাস্ত কৰে। ৪৭ মিনিট ধৰি খেলখন চলিছিল। ইফালে, মহিলা একক শাখাত ভাৰতৰ ৰক্ষিতা শ্ৰী সন্তোষ ৰামৰাজে ষষ্ঠ ছিড ডেনমাৰ্কৰ লাইন ক্রিষ্টোফাৰচেনৰ হাতত ৭-২১, ১৯-২১ ব্যৱধানত পৰাস্ত হয়৷
পুৰুষৰ একক শাখাত লক্ষ্য সেনে প্ৰথমখন খেলত পৰাস্ত হোৱাৰ পিছত পুনৰ উভতি আহিবলৈ চেষ্টা কৰিছিল যদিও শেষত ইণ্ডোনেছিয়ান খেলুৱৈগৰাকীৰ হাতত ১৭-২১, ২১-১৪, ১৫-২১ ব্যৱধানত পৰাস্ত হয়।
এঘণ্টা ১৪ মিনিটৰ খেলখন চলিছিল। ইফালে, তিনিখন খেলৰ ৰোমাঞ্চকৰ খেলখনত ফিনলেণ্ডৰ কালে কলজোনেনৰ বিৰুদ্ধে ২১-১৯, ১২-২১, ২০-২২ ব্যৱধানত পৰাস্ত হয় আয়ুছ শ্বেট্টীয়ে।
ইফালে কিৰণ জৰ্জেও দ্বিতীয় ছিড ইণ্ডোনেছিয়ান খেলুৱৈ জোনাটান ক্ৰীষ্টিৰ হাতত ১০-২১, ১৬-২১ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ লগে লগে ভাৰতৰ পুৰুষৰ একক অভিযানৰ অন্ত পৰিল।
ভাৰতৰ একমাত্ৰ আশা এতিয়া নিহিত হৈ আছে উন্নতি হুডাৰ ওপৰত, যিয়ে শনিবাৰে ছেমি ফাইনেলত শীৰ্ষস্থানীয় পুত্ৰী কুছুমা ৱাৰ্ডানীৰ বিৰুদ্ধে মুখামুখি হ’ব ।
हिन्दुस्थान समाचार / অৰৱিন্দ