
ধুবুৰী, ০১ নৱেম্বৰ (হি.স.)। বিলাসীপাৰাৰ কাঠালদি গাঁৱৰ এজন যুৱক বহিঃৰাজ্যত নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।গাওঁখনৰ গিয়াছ উদ্দিন সেখৰ পুত্ৰ আবু মোতলেপ সেখ বিগত ন দিন ধৰি নিখোজ হৈ পৰাত পৰিয়ালটোৰ লগতে গাওঁবাসী দুঃচিন্তাত পৰিছে। প্ৰায় দুমাহ পুৰ্বে কৰ্মসংস্থাপন বিছাৰি বিশাখাপট্টনমলৈ যায়।
কিছুদিন পুৰ্বে স্বগৃহলৈ উভতি আহোতে পশ্চিম বংগৰ হাৱৰা’ৰ পৰা নিখোজহৈ পৰে।পৰিয়ালৰ লোকে সংশ্লিষ্ট থানাত এজাহাৰ দাখিল কৰে যদিও যুৱকজনৰ কোনো শুং-সুত্ৰ উদ্ধাৰ হোৱা নাই।নিৰুদ্দেশ হৈ পৰা পুত্ৰক বিছাৰি পৰিয়ালৰ লগতে ৰোগাক্ৰান্ত মাতৃয়ে বিনীদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে।কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে ওচৰৰ থানা অথবা ০৯১০১৮৬৫২৫২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ