
গিয়েংজু, দক্ষিণ কোৰিয়া, ০১ নৱেম্বৰ (হি.স)। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে শনিবাৰে কয় যে তেওঁ “আমদানি শুল্ক”ৰ সৈতে জড়িত কানাডাৰ ৰাজনৈতিক বিজ্ঞাপনৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওচৰত ক্ষমা বিচাৰিছে। তেওঁ লগতে কয় যে তেওঁ অন্টাৰিঅ’ৰ মুখ্যমন্ত্ৰী ডাগ ফৰ্ডক বিজ্ঞাপনটো চলাব নালাগে বুলি পৰামৰ্শ দিছিল।
ইয়াত এছিয়া-পেচিফিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছতে সাংবাদিকৰ আগত এই মন্তব্য কৰে কাৰ্নীয়ে। বুধবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-মিউঙে আয়োজন কৰা ৰাতিৰ আহাৰত দুয়োগৰাকী নেতাই লগ পোৱাৰ সময়ত তেওঁ ব্যক্তিগতভাৱে ট্ৰাম্পৰ ওচৰত ক্ষমা বিচাৰিছিল বুলি কাৰ্নীয়ে কয়।
কাৰ্নীয়ে কয় যে মই ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা বিচাৰিছিলো। তেওঁ লগতে কয় যে তেওঁ বিজ্ঞাপনটো প্ৰচাৰৰ পূৰ্বে ফৰ্ডৰ সৈতে পৰ্যালোচনা কৰিছিল আৰু ইয়াৰ ব্যৱহাৰৰ বিৰোধী। তেওঁ লগতে কয় যে মই ফৰ্ডক কৈছিলো যে মই বিজ্ঞাপনটো চলাব নিবিচাৰো।
এই বিজ্ঞাপনটো কমিচন দিছিল ফৰ্ড নামৰ এজন স্পষ্টবাদী ৰক্ষণশীল ৰাজনীতিবিদ যাক কেতিয়াবা ট্ৰাম্পৰ সৈতে তুলনা কৰা হয়। বিজ্ঞাপনটোত আমেৰিকাৰ ৰিপাব্লিকান পাৰ্টিৰ আইকন প্ৰাক্তন ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানৰ এটা চুটি ক্লিপ ব্যৱহাৰ কৰা হৈছে, যিয়ে যুক্তি দিছে যে আমদানি শুল্কৰ ফলত বাণিজ্য যুদ্ধ আৰু অৰ্থনৈতিক ধ্বংসৰ সৃষ্টি হয়।
এই বিজ্ঞাপনত বিৰক্ত হৈ ট্ৰাম্পে কানাডাৰ সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ লগতে কানাডাৰ সৈতে বাণিজ্যিক আলোচনা বন্ধ কৰি দিয়ে।
ইফালে, চলিত সপ্তাহৰ আৰম্ভণিতে দক্ষিণ কোৰিয়া এৰি যোৱাৰ সময়ত ট্ৰাম্পে কয় যে কাৰ্নীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত তেওঁৰ “অতি ভাল” কথা-বতৰা হৈছিল যদিও বিতংভাৱে কোৱা নাই। অৱশ্যে শুকুৰবাৰে ট্ৰাম্পে পুনৰ কয় যে আমেৰিকা আৰু কানাডাৰ মাজত বাণিজ্যিক আলোচনা পুনৰ আৰম্ভ নকৰে।
কাৰ্নীয়ে কয় যে শুকুৰবাৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে হোৱা কথা-বতৰা বছৰ বছৰ ধৰি টান হৈ থকা দ্বিপাক্ষিক সম্পৰ্কৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে।কানাডা আৰু চীনৰ নেতাসকলৰ মাজত অন্তিমখন আনুষ্ঠানিক বৈঠক আছিল ২০১৭ চনত, তেতিয়াৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত ছিৰ সৈতে চমুকৈ কথা পাতিছিল।
শেহতীয়া বছৰবোৰত চীনত কেইবাজনো কানাডাৰ নাগৰিকক আটক কৰি ফাঁচী দিয়া হৈছে। কানাডাৰ নিৰাপত্তা সংস্থাসমূহৰ মতে, কমেও দুটা ফেডাৰেল নিৰ্বাচনত চীনে হস্তক্ষেপ কৰিছিল।
কাৰ্নীয়ে কয় যে তেওঁ ছিৰ সৈতে বিদেশী হস্তক্ষেপ আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ কয় যে তেওঁৰ এছিয়া ভ্ৰমণৰ উদ্দেশ্য আছিল আমেৰিকাৰ ওপৰত কানাডাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা।
এয়া নিশাটোৰ ভিতৰতে নহ’ব যদিও আমি সেই দিশত অতি দ্ৰুতগতিত আগবাঢ়িছো বুলিও তেওঁ কয়।
हिन्दुस्थान समाचार / অৰৱিন্দ