
পশ্চিম কাৰ্বি আংলং, ০১ নৱেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ উমছোৱাইত আজি সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। উমছোৱাইক সাপ্তাহিক বজাৰৰ কাষত আজ শনিবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই ঘটনাত থিতাতে নিহত হৈছে তিনিগৰাকী ব্যক্তি। নিহত তিনিগৰাকী যাত্ৰীৰ নাম ক্ৰমে মনি আমছং, কুলবাৰি মালাং আৰু চিলুনি আমছং বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাটোত আহত হয় আন ১৫ জন যাত্ৰী।
উলুকুঞ্চিত অনুষ্ঠিত হোৱা লাংখন উৎসৱৰ পৰা পুৱা গৃহমুখী হৈ থকা অৱস্থাত এই দুৰ্ঘটনাটি সংঘটিত হয় ৷ আনহাতে দুৰ্ঘটনাটিত গুৰুতৰভাৱে আহত আন ১৫ গৰাকী যাত্ৰীক উমপানাই স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু