
কাঠমাণ্ডু, ০১ নৱেম্বৰ (হি.স.)। ধাৰাবাহিকভাৱে বৰফ পৰা আৰু অবিৰত বৰষুণৰ ফলত মানঙৰ টিলিচো বেছ কেম্পত পাঁচ দিন আবদ্ধ হৈ থকা ১১জন বিদেশী পৰ্যটকক সশস্ত্ৰ আৰক্ষী বাহিনীয়ে সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখপাত্ৰ ডি এছ পি শৈলেন্দ্ৰ থাপাৰ মতে, সশস্ত্ৰ আৰক্ষী বাহিনীৰ মাউণ্টেন ৰেচকিউ ট্ৰেইনিং স্কুল (এম আৰ টি এছ)ৰ পৰা প্ৰেৰণ কৰা এটা পাহাৰীয়া উদ্ধাৰকাৰী দলে তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা এজন পৰ্যটকৰ ভৰিত আঘাতপ্ৰাপ্ত হয়, য’ত এজন ৯ বছৰীয়া ল’ৰা আৰু এগৰাকী অসুস্থ মহিলাও আছে। বাকীসকলৰ অৱস্থা স্বাভাৱিক। থাপাই তেওঁলোকৰ অক্সিজেনৰ মাত্ৰা কম বুলি উল্লেখ কৰে।
দুফুট বৰফেৰে আবৃত সংকীৰ্ণ, ঠেক আৰু কঠিন পথকে ধৰি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে ৯ ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত এই বিদেশী পৰ্যটকসকলৰ উদ্ধাৰ অভিযান সফল হয়। মাউণ্টেন ৰেচকিউ ট্ৰেইনিং ইনষ্টিটিউটৰ এছ পি টপ বাহাদুৰ ডাংগীৰ নেতৃত্বত চিকিৎসা আৰু পৰ্বত উদ্ধাৰকাৰী দলটোৱে বিশেষ পৰ্বত উদ্ধাৰ সঁজুলি ব্যৱহাৰ কৰি এই বিপদজনক কাম সম্পূৰ্ণ কৰে। পৰ্যটকসকলৰ অৱস্থা ভাল বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ