নগা দূৰ্বিত্তৰ বিৰুদ্ধে সৰুপথাৰত আছুৰ বিক্ষোভ কাৰ্যসুচী
গোলাঘাট, ০১ নৱেম্বৰ (হি.স.)। সৰুপথাৰত আছুৰ বিক্ষোভ কাৰ্যসুচী l অসম–নগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান , অসমৰ সীমান্তবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা , সীমান্তবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত সৰুপথাৰত ধনশিৰি মহকুমা ছাত্ৰ সন্থা
নগা দূৰ্বিত্তৰ বিৰুদ্ধে সৰুপথাৰত আছুৰ বিক্ষোভ কাৰ্যসুচী


গোলাঘাট, ০১ নৱেম্বৰ (হি.স.)। সৰুপথাৰত আছুৰ বিক্ষোভ কাৰ্যসুচী l অসম–নগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান , অসমৰ সীমান্তবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা , সীমান্তবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত সৰুপথাৰত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আজি অৱস্থান বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে l

চুবুৰীয়া নগালেণ্ডৰ পৰা অহা একাংশ দুস্কৃতিকাৰী সময়ে সময়ে অসমৰ ভুমীত প্ৰৱেশ কৰি অসমীয়া ৰাইজে অঞ্চলটোত কৰা বিভিন্ন কৃষি কাৰ্যত বাধা প্ৰদান কৰি আহিছে। খেতি পথাৰত থকা ধান আৰু অন্য়ান্য় খেতি কাটি লণ্ডভণ্ড কৰি আহিছে। অসমৰ স্থানীয় ৰাইজৰ পশুধন যেনে গৰু,ছাগলী হত্য়া কৰি পেলাই থৈ যাই অথবা বলপূৰ্বক নগালেণ্ডলৈ লৈ যায়।

নগা দূৰ্বিত্তৰ দ্বাৰা এইদৰে ধাৰাবাহিক অত্য়াচাৰৰ সন্মুখীন হৈ অসমীয়া ৰাইজ আটংকিত হৈ পৰে । নগা দূৰ্বিত্ত সকলক বাধা প্ৰদানত ব্য়ৰ্থ জিলা প্ৰশাসনৰ বিৰুদ্ধে স্বোচ্ছাৰ হৈ পৰে স্থানীয় ৰাইজ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande