বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস, অপৰিৱৰ্তিত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ
নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। তেল বিপণন কোম্পানী (অ’এমজি)সমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কেজি ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে । কিন্তু ঘৰুৱা ব্যৱহাৰৰ বাবে ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। অৰ্থাৎ ঘৰুৱ
19 किलो वाले कमर्शियल गैस सिलेंडर की घटी कीमत


নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। তেল বিপণন কোম্পানী (অ’এমজি)সমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কেজি ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে । কিন্তু ঘৰুৱা ব্যৱহাৰৰ বাবে ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। অৰ্থাৎ ঘৰুৱা পাকঘৰৰ বাজেটত কোনো প্ৰভাৱ নপৰে।

বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪.৫০ ₹ পৰা ৬.৫০ ₹ হ্ৰাস কৰা হৈছে। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে (আই অ’ চি এল) প্ৰদান কৰা তথ্য অনুসৰি, মূল্য হ্ৰাসৰ ফলত এতিয়া ৰাজধানী দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১,৫৯৫.৫০ ₹ৰ পৰা ১,৫৯০.৫০ ₹লৈ হ্ৰাস পাইছে।

মাত্ৰ যোৱা মাহত ১ অক্টোবৰত তেল বিপণন কোম্পানীয়ে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৫ ₹ বৃদ্ধি কৰিছিল। এই বৃদ্ধিৰ পিছত বাণিজ্যিক গেছ ব্যৱহাৰ কৰা হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত মুদ্ৰাস্ফীতিৰ বোজা বৃদ্ধি পালে। এনে পৰিস্থিতিত আজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট, ক্ষুদ্ৰ ব্যৱসায়ীক কিছু সকাহ দিছে।

শেহতীয়া হ্ৰাসত কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক ৬.৫০ টকা হ্ৰাস পাইছে। অক্টোবৰ মাহত ১৭০০.৫০ টকাৰ বিপৰীতে এতিয়া ইয়াত ১৯ কেজিৰ চিলিণ্ডাৰ ১৬৯৪ টকাত উপলব্ধ। তদুপৰি মুম্বাইত ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ নতুন ৰেট ১৫৪২ টকালৈ পৰিণত হৈছে, যিটো যোৱা মাহৰ তুলনাত ৫ টকা হ্ৰাস পাইছে। চেন্নাইত ইয়াৰ মূল্য ১৭৫০ টকা নিৰ্ধাৰণ কৰা হৈছে, যিটো অক্টোবৰৰ তুলনাত ৪.৫ টকা হ্ৰাস। এই হ্ৰাসৰ পিছত এতিয়া পাটনাত ১৯ কেজিৰ চিলিণ্ডাৰ ১৮৭৬ টকা, নয়ডাত ১৮৭৬ টকা, লক্ষ্ণৌত ১৮৭৬ টকা, ভোপালত ১৮৫৩.৫০ টকা, গুৰুগ্ৰামত ১৬০৭ টকাত উপলব্ধ হ’ব।

আজি কেৱল বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে। ঘৰত ব্যৱহৃত ১৪.২ কেজি এল পি জি চিলিণ্ডাৰ (ৰন্ধন গেছ)ৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। ঘৰুৱা চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে ২০২৫ চনৰ ৮ এপ্ৰিলত সংশোধন কৰা হৈছিল। দিল্লীত ইয়াৰ বৰ্তমান মূল্য ৮৫৩ টকা।একেদৰে কলকাতাত ৮৭৯ টকা, মুম্বাইত ৮৫২.৫০ টকা, চেন্নাইত ৮৬৮.৫০ টকা, লক্ষ্ণৌত ৮৯০.৫০ টকা, আহমেদাবাদত ৮৬০ টকা, হাইদৰাবাদত ৮৬০ টকা ৯০৫, বাৰাণসীত ৯১৬.৫০ টকা, আৰু পাটনাত ৯৫১ টকা।

বিশেষজ্ঞসকলে কয় যে আন্তঃৰাষ্ট্ৰীয় গেছৰ মূল্য আৰু কৰ গাঁথনিৰ ওপৰত ভিত্তি কৰি প্ৰতিমাহে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় গেছৰ মূল্য বৃদ্ধি বা হ্ৰাসে প্ৰত্যক্ষভাৱে তেল বিপণন কোম্পানীসমূহৰ খৰচত প্ৰভাৱ পেলায়। সেয়ে প্রতি মাহৰ প্রথম দিনা খৰচ পুনৰীক্ষণ কৰি গেছ চিলিণ্ডাৰৰ নতুন মূল্য ঘোষণা কৰা হয়৷

খবৰ অনুসৰি অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস পাইছে। সেয়েহে যোৱা মাহত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৫ ₹ বৃদ্ধি কৰাৰ পিছত মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবে নৱেম্বৰ মাহৰ বাবে বাণিজ্যিক গেছৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande